English to Assamese: Sample translation kids literature General field: Art/Literary | |
Source text - English THERE WAS ONCE A KINDLY old wizard who used his magic generously and wisely for the benefit of his neighbours. Rather than reveal the true source of his power, he pretended that his potions, charms and antidotes sprang ready-made from the little cauldron he called his lucky cooking pot.
From miles around people came to him with their troubles, and the wizard was pleased to give his pot a stir and put things right.
This well-beloved wizard lived to a goodly age, then died, leaving all his chattels to his only son.
This son was of a very different disposition to his gentle father. Those who could not work magic were, to the son’s mind, worthless, and he had often quarrelled with his father’s habit of dispensing magical aid to their neighbours.
| Translation - Assamese এসময়ত এজন অতিকৈ দয়ালু বুঢ়া যাদুকৰ আছিল । জ্ঞানী যাদুকৰজনে তেওঁৰ যাদুবিদ্যা ওচৰ পাজৰৰ মানুহবোৰৰ কল্যাণৰ বাবে উদাৰচিত্তে আৰু নিপুণতাৰে প্ৰয়োগ কৰিছিল। অৱশ্যে তেওঁ মানুহৰ আগত নিজৰ যাদুকৰী শক্তিৰ কথা মুকলিকৈ প্ৰকাশ নকৰি তেওঁৰ সকলোবোৰ যাদু, তাবিজ আৰু ঔষধ পাতি এটা সৰু পাত্ৰৰ পৰা স্বয়ংক্ৰিয়ভাৱে উৎপন্ন হয় বুলি কৈছিল। যাদুকৰজনে এই পাত্ৰটোৰ নাম দিছিল চমৎকাৰী ৰন্ধন চৰু।
নিজৰ দুখ লেঠাৰ প্ৰতিকাৰ বিছাৰি চৌদিশৰ পৰা মানুহবোৰ যাদুকৰজনৰ কাষ চাপিছিল আৰু তেওঁ প্ৰসন্ন চিত্তে যাদুকৰী চৰুটোত ঘোঁটনী এডালেৰে লৰাই দি তেওঁলোকৰ আলৈ আহুকাল দূৰ হোৱাৰ দৰৱ- জাতি প্ৰস্তুত কৰিছিল অথবা মন্ত্ৰৰে দিহা দিছিল।
সৰ্বজনপ্ৰিয় এই যাদুকৰজনে মহা সুখেৰে জীৱন যাপন কৰি এদিন ইহলীলা সম্বৰণ কৰিলে। মৃত্যুৰ আগে আগে তেওঁ তেওঁৰ সকলো সা-সম্পত্তি একমাত্ৰ পুত্ৰৰ হাতত গতাই থৈ গ'ল।
পৰোপকাৰী যাদুকৰজনৰ পুতেক কিন্তু দেউতাকৰ দৰে সাধু পুৰুষ নাছিল। অহংকাৰী পুতেকৰ মতে যাদুবিদ্যা নজনা মানুহবোৰ খেৰ-কুটাৰ দৰে মূল্যহীন। ওচৰ-চুবুৰীয়া সাধাৰণ মানুহবোৰক যাদুবিদ্যাৰে সহায় কৰা স্বভাৱটোৰ বাবে সি দেউতাকৰ লগত প্ৰায়েই দ্বন্দ খৰিয়াল কৰিছিল।
|